Wb/as/সাম্যবাদ (ৱিকিঅনুজ)/আধুনিক সাম্যবাদ
Appearance
সূচী
সাম্যবাদ-- পৰিচয়-- প্ৰাৰম্ভিক সাম্যবাদ-- আধুনিক সাম্যবাদ-- শীতল যুদ্ধ-- ছ'ভিয়েট ৰাছিয়াৰ পাছত-- মাৰ্ক্সবাদ-- লেনিনবাদ-- মাৰ্ক্সবাদ-লেনিনবাদ, ষ্টেলিনবাদ আৰু ট্ৰটস্কিবাদ-- মুক্তবাদী মাৰ্ক্সবাদ-- পৰিষদীয় সাম্যবাদ-- বাওঁ সাম্যবাদ-- খ্ৰীষ্ট ধৰ্মীয় সাম্যবাদ-- নৈৰাজ্যবাদী সাম্যবাদ-- সমালোচনা
আধুনিক সাম্যবাদ ১৯১৭ৰ কথা, নিজৰ লক্ষ্য সাম্যবাদী বোলা বোলছেভিকসকলে, লেনিনৰ নেতৃত্বত অক্টোবৰত দখল কৰিলে ৰুছ দেশৰ ক্ষমতা! ইয়েই আছিল প্ৰথম ঘটনা, প্ৰথম পৰ্ব, যেতিয়া নিজকে সাম্যবাদী অভিহিত কৰা কোনো দলে লাভ কৰিছিল এনে ৰাজনৈতিক শক্তি। অক্টোবৰৰ বিপ্লৱে ৰুছ দেশৰ ক্ষমতা প্ৰদান কৰিলে অল ৰাছিয়ান কংগ্ৰেছ অৱ ছ'হিয়েটছক। বলছেভিকসকল আছিল তাত সংখ্যাগুৰু। পিচে ই আছিল সাম্যবাদীসকলৰ বাবেও আশ্চৰ্যৰ কাৰণ-- কাৰণ ই নাছিল যি সাম্যবাদী মাৰ্ক্সাদী সূত্ৰই কৈছিল, সূত্ৰৰ সৈতে মিলা নাছিল বাস্তৱ ঘটনা! মাৰ্ক্সে কৈছিল (সাম্যবাদী সূত্ৰৰ বিষয়ে আমি পাছত আলোচনা কৰিম, বৰ্ত মানে বুৰঞ্জী আৰু প্ৰভাৱ আলোচনা কৰা হৈছে) যে সাম্যবাদী সকলে ক্ষমতা দখল কৰিব, বুৰ্জোৱা উন্নতিৰ শিখৰত থকা ইংলেণ্ড, ফ্ৰাঞ্চৰ দৰে দেশতহে প্ৰথমে, আৰু পিছপৰা দেশসমূহত পলমকৈ! পিচে হ'ল কি-- যে সাম্যবাদীসকলে ক্ষমতা দখল কৰিলে দৰিদ্ৰ আৰু পিছপৰা ৰাছিয়াত! পিচে মাৰ্ক্সে ৰাছিয়াৰ এই ব্যতিক্ৰমি বুৰঞ্জীৰ কথা মাৰ্ক্সে উল্লেখ কৰাৰ কথা কোৱা হয়। বুৰঞ্জীৰ কথাটো হ'ল, বলছেভিকসকলে ৰাছিয়া দখল কৰিলে। পিচে তাতো মেনছেভিক্সৰ দৰে দল আছিল যিয়ে প্ৰথমে ৰাছিয়াত বুৰ্জোৱা শাসন হোৱাটো আৰু তাৰ পাছত সমাজবাদী বিপ্লৱ হোৱাটো বিচাৰিছিল। পিচে, ব'লছেভিকসকলে, নিজৰ 'শান্তি, ৰুটি আৰু মাটি'ৰ শ্ল'গানেৰে, প্ৰথম বিশ্বযুদ্ধত ৰাছিয়াৰ শান্তিপূৰ্ণ ভূমিকা, কৃষি মাটিৰ সম- বিতৰণ আৰু আৰু ছ'ভিয়েটৰ সমৰ্থনক জোৰেৰে আৰু আকৰ্ষণীয় ভাৱে প্ৰতিষ্ঠা কৰি শক্তি লভিলে। লেনিনৰ গণতান্ত্ৰিক কেন্দ্ৰীয়তাবাদেৰে, পাৰ্টিক শৃংখলিত কৰা হ'ল, আৰু সদস্যৰ সক্ৰিয় কোষ ভেটি হ'ল, যি গঠিত আছিল শীৰ্ষ নেতৃত্বৰ দ্বাৰা নিৰ্ভৰশীল হিচাপে চিহ্নিত কেডাৰেৰে। গ্ৰে'ট পাৰ্জত ষ্টেলিনে ৰাছিয়ান বিপ্লৱত গুৰুত্বপূৰ্ণ ভূমিক গ্ৰহণ কৰা কেইবাজনো নেতাক , যেনে কেমেনেভ, জিন'ভিয়েভ, ৰাইক'ভক শা স্তি বিহিলে। পিচে এনে কাৰ্যৰ বাবে ব'লছেভিকসকলক সাম্যবাদৰ নামত শোষ ণ কৰাৰ বাবেও অনেকে অহোযো গ কৰে। |