Jump to content

Wb/as/তবলাৰ তাললিপি/মাত্ৰা, বিভাগ

From Wikimedia Incubator
সূচী
এই গ্ৰন্থত ৭টা পাঠ আছে,
তবলাৰ চমু পৰিচয় - বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি - মাত্ৰা বিভাগ - সম্, তালি, খালি - সমপদী তালৰ উদাহৰণ - বিষমপদী তালৰ উদাহৰণ - প্ৰশ্নোত্তৰ

মাত্ৰা

[edit | edit source]

মাত্ৰা হৈছে তালৰ সৰু সমান একক। মাত্ৰাৰ সময় যদিও প্ৰথমতে বাদকে নিজেই নিৰ্ধাৰিত কৰি ল'ব পাৰে, পিছলৈ তাক সলাব পৰা নাযায়। উদাহৰণ স্বৰূপে, যদি তবলা বাদক এজনে আৰম্ভণিতে এক মাত্ৰা এক চেকেণ্ডত বজালে, বাদনৰ শেষলৈকে এক মাত্ৰা এক চেকেণ্ডতে বজাব লাগিব, যদি আৰম্ভণিতে এক মাত্ৰা আধা চেকেণ্ডত বজালে, বাদনৰ শেষলৈকে এক মাত্ৰা আধা চেকেণ্ডতে বজাব লাগিব। তাল বিভিন্ন মাত্ৰাৰ হ'ব পাৰে। যেনে, কাহাৰবা তালত আঁঠ মাত্ৰা আছে, তিনতালত ষোল্ল মাত্ৰা, একতালত বাৰ মাত্ৰা আদি।

ভাতখাণ্ডে তাললিপি পদ্ধতিত মাত্ৰা কিদৰে লিখা যায়

[edit | edit source]

ভাতখাণ্ডে তাললিপি পদ্ধতিত, যদি এক মাত্ৰাত এটা বোল থাকে, মাত্ৰা সূচাবলৈ কোনো বিশেষ চিনৰ প্ৰয়োজন নাই। উদাহৰণ স্বৰূপে, তিনতালত, প্ৰতিটো বোলৰ সময় এক মাত্ৰাকৈ, সেয়েহে মাত্ৰাৰ বাবে কোনো বিশেষ চিন ব্যৱহাৰ কৰা নাযায়।

ধা ধিন ধিন ধা
ধা ধিন ধিন ধা
ধা তিন তিন তা
তা ধিন ধিন ধা*

  • টোকা: ইয়াত তিনতাল লিখোতে সম্, তালি, খালি আদিৰ চিন দিয়া হোৱা নাই, যিহেতু তাঁহাঁতৰ বিষয়ে এতিয়ালৈকে আলোচনা কৰা হোৱা নাই।

যদি এক মাত্ৰাত এটাতকৈ অধিক বোল আছে, অৰ্থাৎ এক মাত্ৰাৰ সময়ত কেইবাটাও বোল বজাব লাগে, তেন্তে সেই বোলকেইটাৰ তলত এটা ঘোৰণীয়া (বহল Uৰ দৰে) চিন দিয়া হয়। উদাহৰণ স্বৰূপে একতালত তৃতীয় মাত্ৰাত ধা আৰু গে একে মা্ত্ৰাত, চতুৰ্থ মাত্ৰাত তে, ৰে, কে আৰু তে একে মাত্ৰাত, নৱম মাত্ৰাতো ধা আৰু গে একে মাত্ৰাত, দশম মাত্ৰাত তে, ৰে, কে আৰু তে একে মাত্ৰাত আছে।


  • টোকা: ইয়াত একতাল লিখোতে সম্, তালি, খালি আদিৰ চিন দিয়া হোৱা নাই, যিহেতু তাঁহাঁতৰ বিষয়ে এতিয়ালৈকে আলোচনা কৰা হোৱা নাই।

গুণ

[edit | edit source]

কোনো তাল, বা আন যিকোনো ৰচনাতে কোন মাত্ৰাত কেইটা আৰু কি কি বোল থাকিব, সেই কথা নিৰ্ধাৰিত থাকে। তালটো পঢ়িলে সেই কথা জানিব পৰা যাব। সেই কথা মনত ৰাখি, তাল বা আন কোনো ৰচনা বজাওতে, এক মাত্ৰাৰ সময়ত দুই মাত্ৰাত বজাবলগিয়া বোল, তিনি মাত্ৰাত বজাবলগিয়া বোল আদি বজাব পাৰি। তেনে কৰাটো নিৰ্ভৰ কৰে ৰচনাটো কিমানগুণত বজোৱা হৈছে।

এগুণ, ঠাহ বা বৰাবৰ লয়

[edit | edit source]

যদি এক মাত্ৰাৰ সময়ত এক মাত্ৰাত বজাবলগিয়া বোল বজোৱা বা গোৱা হয়, ৰচনাটো এগুণত বজোবা বুলি কোৱা হয়। যেনে,
(তিনতাল)

ধা ধিন ধিন ধা |
x
ধা ধিন ধিন ধা |
ধা তিন তিন তা |
তা ধিন ধিন ধা |

দুগুণ

[edit | edit source]

যদি এক মাত্ৰাৰ সময়ত দুই মাত্ৰাত বজাবলগীয়া বোল বজোৱা হয়, তেন্তে ৰচনাটো দুগুণত বজোৱা বা গোৱা বুলি কোৱা হয়, যেনে
(তিনতাল)

ধাধিন ধিনধা ধাধিন ধিনধা |
x
ধাতিন তিনতা তাধিন ধিনধা |
ধাধিন ধিনধা ধাধিন ধিনধা |
ধাতিন তিনতা তাধিন ধিনধা |

দুগুণত বজালে বা গালে, ৰচনাটো দুবাৰ বজাব বা গাব লাগে, যাতে মুঠ মাত্ৰাৰ সময় যলনি নহওক। তেনেদৰেই তিনিগুণ, চাৰিগুণ আদিও কৰিব পাৰি। ডেৰগুণ আদিৰ বিষয়ে এই গ্ৰন্থত বিশেষ আলোচনা কৰা নাযাব।

বিভাগ

[edit | edit source]

তালক সৰু বৰ কিছুমান সমান বা অসমান ভাগত বিভক্ত কৰা হৈছে। সেই ভাগবোৰক বিভাগ বোলে। বিভাগক ইটোৰ পৰা আনটোক বেলেগ কৰিবলৈ ভাতখাণ্ডে তাললিপি পদ্ধতিত প্ৰতিটো বিভাগৰ শেষত '|' (ঠিয় মাৰিৰ দৰে) চিন দিয়া হয়। যেনে
(তিনতাল),

ধা ধিন ধিন ধা |
x
ধা ধিন ধিন ধা |
ধা তিন তিন তা |
তা ধিন ধিন ধা |

সমপদী আৰু বিষমপদী তাল

[edit | edit source]

পূৰ্বে উল্লেখ কৰাৰ দৰে বিভাগ সৰু বা ডাঙৰ হ'ব পাৰে। অৰ্থাৎ কোনো তালত যে বিভাগ সমান- সমান হ'ব, তাৰ কোনো বাধ্যতা নাই। এনে বহু তাল আছে য'ত বিভাগসমূহ সমান-সমান নহয়। ঠিক তেনেদৰেই এনে বহু তাল আছে য'ত বিভাগ আছে। যি যি তালৰ বিভাগসমূহ সমান সমান, তেনে তালক সমপদী বোলে, আৰু যি যি তালৰ বিভাগসমূহ অসমান, তেনে তালক বিষমপদী বোলে।

সমপদী তালৰ উদাহৰণ হ'ল তিনতাল----

ধা ধিন ধিন ধা |
x
ধা ধিন ধিন ধা |
ধা তিন তিন তা |
তা ধিন ধিন ধা |

আৰু বিষমপদী তালৰ উদাহৰণ হ'ল ৰূপক তাল----

তি তি না |
ধি না |
ধি না |