Wb/as/তবলাৰ তাললিপি/তবলাৰ চমু পৰিচয়

From Wikimedia Incubator
Wb > as > তবলাৰ তাললিপি > তবলাৰ চমু পৰিচয়
সূচী
এই গ্ৰন্থত ৭টা পাঠ আছে,
তবলাৰ চমু পৰিচয় - বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি - মাত্ৰা বিভাগ - সম্, তালি, খালি - সমপদী তালৰ উদাহৰণ - বিষমপদী তালৰ উদাহৰণ - প্ৰশ্নোত্তৰ

তবলা হিন্দুস্তানী সংগীতৰ মুখ্য তালবাদ্য আৰু ভাৰতৰ তথা বিশ্বৰেই এক অতি জনপ্ৰিয় বাদ্য। তবলা এটি অৱনদ্ধ বাদ্য, অৰ্থাৎ ইয়াৰ মুখ চামৰাৰে ঢকা। তবলা দুটা ডবাৰ মিশ্ৰণ। এটা শকত, এটা খীন। শকত ডবাটোক এজন সোঁহতীয়া মানুহে তবলা বজালে সাধাৰণতে বাঁওফালে ৰাখে, আৰু এই ডবাক বায়া বা ডুগি বোলা হয়। খীনটো এজন সোঁহতীয়া মানুহে তবলা বজালে সাধাৰণতে সোঁফালে ৰাখে আৰু এই ডবাক দায়া বা দাইনা বোলে। দায়াৰ মাত বায়াতকৈ তীব্ৰ, আৰু প্ৰায় দায়াৰ ব্যৱহাৰ বায়াতকৈ বেছিকৈ কৰা হয়।

বুৰঞ্জী[edit | edit source]

খ্ৰীষ্টপূৰ্ব ৫০০বছৰৰ মহাৰাষ্ট্ৰৰ এই গুহাৰ বেৰৰ ছবিত এগৰাকী মহিলাই তবলাৰ দৰে এটি বাদ্য বজাইছে

তবলাৰ উল্লেখ প্ৰাচীন বা মধ্য কালত এটি সন্মানীয় বাদ্য ৰুপে পোৱা নাযায়। আগতে ভাৰতীয় সংগীত আছিল অতি গম্ভীৰ, আৰু ধ্ৰুপদৰ দৰে গম্ভীৰ গীতৰ প্ৰচলন অধিক আছিল। তেনে গীতৰ লগত সংগত কৰিবলৈ এটি গম্ভীৰ বোল শৃষ্টিকাৰী তালবাদ্যৰ প্ৰয়োজন আছিল, সেই তালবাদ্যটো হ'ল পাখোৱাজ বা মৃদংগ। মৃদংগ বৰ্তমান কালতো দক্ষিণ ভাৰতত মৃদংগমৰ ৰূপত জনপ্ৰিয়। পিছে মুছলমানসকল ভাৰতলৈ অহাৰ পিছৰে পৰা উত্তৰ ভাৰতীয় সংগীত চঞ্চল প্ৰকৃতিৰ হ'বলৈ ধৰিল। তাৰ লগতে পূৰ্বৰ বীণাৰ স্থান ল'লে চিতাৰে। এই নতুন ধৰণৰ সংগীতৰ লগত গম্ভীৰ বোল শৃষ্টিকাৰী পাখোৱাজ খাপ নাখালে। প্ৰয়োজন হ'ল এটি নতুন বাদ্যৰ যিয়ে কোমল মাত শৃষ্টি কৰে---- সেই বাদ্যটো হ'ল তবলা। তবলাৰ আবিষ্কাৰৰ বিষয়ে অধিক জনা নাযায়। ভিন্নজনে ভিন্ন মত পোষণ কৰে।

আগৰ দিনত পৃথিৱীৰ প্ৰায় সকলো ঠাইতে নাগাৰাৰ দৰে উৰ্দ্ধমুখী বাদ্যৰ প্ৰচলন আছিল। আমাৰ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰটো সম্বল নামৰ তেনে এটি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। সম্বল আছিল নৰ আৰু মাডা নামৰ দুটা ভাগত বিভক্ত। অনেকৰ মতে তবলা সম্বলৰে এক নতুন ৰূপ। আকৌ কোনো কোনোৰ মতে যেতিয়া মুছলমানসকল ভাৰতলৈ আহিল, ভাৰতবৰ্ষৰ বিভিন্ন উৰ্দ্ধমুখী বাদ্যই তবলাৰ নাম বা ৰূপ ল'লে। পশ্চিমীয়া পণ্ডিত ষ্টেবীৰ মতে তবলা এচিয়াৰ কোনো অঞ্চলৰ বনত বাস কৰা লোকৰ নবলা নামৰ বাদ্যৰ নতুন ৰূপ। তবলাৰ উৎপত্তি সম্পৰ্কে এটি প্ৰবাদো আছে। সম্ৰাট আকবৰৰ ৰাজসভাত দুজন বিদ্বগ্ধ পাখোৱাজবাদক আছিল। দুয়োৰে মাজত এদিন প্ৰতিযোগিতা হ'ল। প্ৰতিযোগিতাত এজন বিজয়ী হ'ল, পৰাজিত হোৱাজন অতি দুখী হ'ল আৰু তেওঁ নিজৰ কোঠালৈ গৈ পাখোৱাজটো দলিয়াই দিলে। পাখোৱাজটো মাটিত পৰি দুটা খণ্ডত বিভক্ত হ'ল। বাদকজনে ভঙা পাখোৱাজটো বজাই চালে, আৰু দেখিলে যে তেতিয়াও পাখোৱাজটোৰ পৰা সুমধূৰ সংগীত সৃষ্টি হৈছে। তেওঁ কৈ উঠিল-- "তবভী ব'লা" বা "তেতিয়াও ক'লে"। তাৰ পিছত সেই ভঙা পাখোৱাজটো লৈ তেওঁ পুনৰ প্ৰতিযোগিতাত নামিলে, আৰু এইবাৰ বিজয়ী হ'ল। অনেকৰ মতে সেই তবভী ব'লা কথাষাৰৰ পৰা তবলা শব্দৰ শৃষ্টি হ'ল। পিছে তেনে দৰে পাখোৱাজ ভাঙি তবলাৰ শৃষ্টি হোৱা কথাটো বিজ্ঞানসন্মত নহয়, যিহেতু দুয়ো ভাগৰ তলৰ ফাল খোলা থাকিব। এই কথা সম্ভৱ যে তেওঁ ভঙা পাখিৱাজটোৰ পৰা প্ৰেৰিত হৈ তেওঁ দুটা খণ্ডত বিভক্ত তবলা বাদ্য সাজি উলিয়ালে। পিছে আকবৰৰ ৰাজত্বৰ বহু কালৰ পিছলৈকেও তবলাৰ উল্লেখ কোনো গ্ৰন্থত নাই। আকবৰনামতো তবলাৰ কোনো উল্লেখ নাই। অনেকৰ মতে সম্ৰাট আলাউদ্দিন খিল্জীৰ ৰাজসভাৰ গুণী সংগীতজ্ঞ অমীৰ খুশ্ৰুৱে পাখোৱাজ দুটা ভাগত বিভক্ত কৰি তবলাৰ শৃষ্টি কীলে। আনৰ মতে তবলা সম্ৰাট আলাউদ্দিন খিল্জীৰ দৰবাৰৰ অমীৰ খুশ্ৰুৱে নহয়, অন্য এজন অমীৰ খুশ্ৰুৱেহে সাজি উলিয়াইছিল, নামৰ মিল থকাৰ বাবে, আৰু আনজন অমীৰ খুশ্ৰু অধিক প্ৰসিদ্ধ হোৱাৰ বাবে খেলিমেলি হ'ল। আকৈ অনেকৰ মতে দিল্লীৰ সুধাৰ খাঁ ঢাঢ়ী (চুধাৰ খাঁ ঢাৰ্হী) তবলাৰ আবিষ্কাৰক।

আৰবী আদি ভাষাত তব্ল তুৰ্কী, তব্ল জংগ আদি বিভন্ন শব্দৰ প্ৰচলন আছে। তব্ল শব্দ যুক্ত যুদ্ধত ব্যৱহাৰ হোৱা এটা উৰ্দ্ধমূখী বাদ্যযন্ত্ৰও আছে। তেনে শব্দৰ পৰাই তবলা শব্দ শৃষ্টি হোৱাৰ কথা অনেকে কয়। আৰবৰ এক শ্ৰেণীৰ পণ্ডিতৰ মতে তব্ল শব্দ য়ুৰোপৰ এক শব্দৰ পৰা অহা, যি শব্দও সংগীতৰ সৈতে জড়িত। সংস্কৃত তল্ ধাতুৰ পৰা তাল শব্দৰ শৃষ্টি হৈছে। সেয়ে ভাৰতীয় সংগীতত তাল ৰাখিবৰ বাবে ব্যৱহাৰ হোৱা মুখ্য বাদ্যটোৰ নাম তবলা সংস্কৃত তাল শব্দৰ পৰাই অহা বুলিও অনেকে মত পোষণ কৰে।

বৰ্তমান এই কথাকেই গ্ৰহণ কৰা হৈছে যে দিল্লীৰ সুধাৰ খাঁ ঢাঢ়ীয়েই তবলা প্ৰথম ব্যৱহাৰ কৰিছিল আৰু তেঁৱেই দিল্লী ঘাৰাণাৰ প্ৰথম বাদক, যি ঘাৰাণাৰ পৰা (পাঞ্জাব ঘাৰাণাৰ বাদে) ষকলো ঘাৰাণাৰ উদ্ভৱ হৈছে।