Wb/as/তবলাৰ তাললিপি/সম্, তালি, খালি

From Wikimedia Incubator
Wb > as > তবলাৰ তাললিপি > সম্, তালি, খালি
সূচী
এই গ্ৰন্থত ৭টা পাঠ আছে,
তবলাৰ চমু পৰিচয় - বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি - মাত্ৰা বিভাগ - সম্, তালি, খালি - সমপদী তালৰ উদাহৰণ - বিষমপদী তালৰ উদাহৰণ - প্ৰশ্নোত্তৰ

তবলাত তাল গাওতে বা লিখোতে বিভিন্ন বস্তুৱে সহায় কৰে। তেনে কিছু বস্তু সম্, তালি, খালি।

সম্[edit | edit source]

সমৰ উচ্চাৰণ চম্। সংগীতত যি স্থানত তাল আৰম্ভ হয়, অথবা যি স্থানত আন স্থানতকৈ অধিক জোৰ প্ৰয়োগ কৰিবলগীয়া হয়, তেনে স্থানক সম্ বোলে। পূৰ্বে কোৱাৰ দৰে, সম্ সাধাৰণতে তালৰ আৰম্ভণিতে থাকে।

ভাতখাণ্ডে তাললিপি পদ্ধতিত সম্ কেনেকৈ লিখে[edit | edit source]

ভাতখাণ্ডে তাললিপি পদ্ধতিত সমৰ চিহ্ন x, ইংৰাজী বৰ্ণমালাৰ এক্স আখৰৰ দৰে। এই চিন, যি মাত্ৰাত সম্ পৰে, সেই মাত্ৰাৰ তলত লিখা হয়। উদাহৰণ স্বৰূপে, তিনতালত----

ধা ধিন ধিন ধা |
x
ধা ধিন ধিন ধা
ধা তিন তিন তা
তা ধিন ধিন ধা

ওপৰত তাল আৰম্ভ হোৱা 'ধা' বাণীত সম্ পৰিছে।

প্ৰায়বোৰ তাল সমেৰে আৰম্ভ হ'লেও, ৰূপক তালৰ দৰে তাল খালিৰে আৰম্ভ হয়।

তি তি না ধী না ধী না

ওপৰত ৰূপক তালত তাল আৰম্ভ হৈছে 'তি'ত 'খালি'ৰে।

তালি বা ভৰি[edit | edit source]

তবলাত তাল গাওতে তালৰ যি স্থানত বিভাগৰ আৰম্ভণিত দুয়ো হাতেৰে আঘাট কৰি শব্দ উৎপন্ন কৰা হয় (হাতেৰে চাপৰি বজায় বা তালি বজায়) তালৰ ৰূপ দেখুৱা হয়, সেই স্থানক 'তালি' বা 'ভৰি' বোলা হয়।

ভাতখাণ্ডে তাললিপি পদ্ধতিত তালি কেনেকৈ লিখা[edit | edit source]

ভাতখাণ্ডে তাললিপি পদ্ধতিত তালি সংখ্যা (স্থান) অনুযায়ী ২, ৩, ৪....ৰে লিখা হয়। চিনেৰে লিখা হয়। তালিৰ চিন যি মাত্ৰাত তালি পৰে, সেই মাত্ৰাৰ তলত লিখা হয়। উদাহৰণ স্বৰূপে তিনতালত পঞ্চম আৰু ত্ৰয়োদশ মাত্ৰাত তালি আছে----

ধা ধিন ধিন ধা |
x
ধা ধিন ধিন ধা
ধা তিন তিন তা
তা ধিন ধিন ধা

ৰূপক তালৰ চতুৰ্থ আৰু ষষ্ঠ মাত্ৰাত তালি আছে----

তি তি না ধী না ধী না

একতালৰ পঞ্চম, নৱম আৰু একাদশ মাত্ৰাত তালি আছে----

ধিন ধিন । ধাগে তেৰেকেতে তু না । কৎ তা । ধাগে তেৰেকেতে ধী না ।
x

খালি বা ফাঁক[edit | edit source]

ভাতখাণ্ডে তাললিপি পদ্ধতিত খালি কেনেকৈ লিখা হয়[edit | edit source]

তবলাত তাল গাওতে তালৰ যি স্থানত বিভাগৰ আৰম্ভণিত হাতেৰে তালি নবজাই, কেৱল হাত দাঙি হাতৰ ইঙ্গিতেৰে তালৰ ৰূপ দেখুৱা হয়, সেই স্থানক খালি বা ফাঁক বোলে। ভাতখাণ্ডে তাললিপি পদ্ধতিত খালি '০' বা শূণ্যৰ চিনেৰে লিখা হয়। খালিৰ চিন যি স্থানত খালি পৰে, তাৰ তলত লিখা হয়। উদাহৰণ স্বৰূপে, তিনতালৰ নৱম মাত্ৰাত খালি আছে----

ধা ধিন ধিন ধা |
x
ধা ধিন ধিন ধা
ধা তিন তিন তা
তা ধিন ধিন ধা

ৰূপক তালৰ প্ৰথম মাত্ৰাত খালি আছে----

তি তি না ধী না ধী না

কাহাৰবা তালৰ পঞ্চম মাত্ৰাত খালি আছে----

ধা গে না তি । না ধী না ।
x