Jump to content

Wb/as/তবলাৰ তাললিপি/বিষমপদী তালৰ উদাহৰণ

From Wikimedia Incubator
সূচী
এই গ্ৰন্থত ৭টা পাঠ আছে,
তবলাৰ চমু পৰিচয় - বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি - মাত্ৰা বিভাগ - সম্, তালি, খালি - সমপদী তালৰ উদাহৰণ - বিষমপদী তালৰ উদাহৰণ - প্ৰশ্নোত্তৰ

পূৰ্বে উল্লেখ কৰাৰ দৰে, তবলাৰ তালবোৰৰ বিভাগ সমান- সমান হ'বও পাৰে বা নহ'বও পাৰে। আগৰ পাঠত এনে কিছুমান তালৰ উদাহৰণ দিয়া হ'ল যাৰ সকলো বিভাগ সমান (সমপদী তাল)। এই পাঠত এনে কিছু তালৰ উদাহৰণ দিয়া হ'ব যাৰ বিভাগ সমান-সমান নহয়। তেনে তালক বিষমপদী তাল বোলা হয়। তবলা কেইবাটাও বিষমপদী তালৰ প্ৰচলন আছে।

ঝাপতাল

[edit | edit source]

ঝাপতাল দহ মাত্ৰাৰ। ঝাপতালত চাৰিটা বিভাগ আছে। প্ৰথম বিভাগত দুই মাত্ৰা, দ্বিতীয় বিভাগত তিনি মাত্ৰা, তৃতীয় বিভাগত দুই মাত্ৰা আৰু চতুৰ্থ বিভাগত তিনি মাত্ৰা। ঝাপতালৰ প্ৰথম বিভাগৰ প্ৰথম মাত্ৰাত সম্, দ্বিতীয় বিভাগৰ প্ৰথম মাত্ৰাত তালি, তৃতীয় বিভাগৰ প্ৰথম মাত্ৰাত খালি আৰু চতুৰ্থ বিভাগৰ প্ৰথম মাত্ৰাত তালি।

ধী না । ধী ধী না । তি না । ধী ধী না
x

ৰূপক তাল

[edit | edit source]

ৰূপক তাল সাত মাত্ৰাৰ। ৰূপক তালত তিনিটা বিভাগ আছে। প্ৰথম বিভাগ তিনি মাত্ৰাৰ, দ্বিতীয় বিভাগ দুই মাত্ৰাৰ আৰু তৃতীয় বিভাগো দুই মাত্ৰাৰ। ৰূপক তালৰ প্ৰথম বিভাগৰ প্ৰথম মাত্ৰাত খালি, দ্বিতীয় বিভাগৰ প্ৰথম মাত্ৰাত তালি আৰু তৃতীয় বিভাগৰ প্ৰথম মাত্ৰাত তালি।

তি তি না । ধি না । ধি না ।