Wb/as/তবলাৰ তিনতাল/তিনতালৰ ঠেকা

From Wikimedia Incubator
Wb > as > তবলাৰ তিনতাল > তিনতালৰ ঠেকা

তবলা, পাখোৱাজ আদি তাল বাদ্যৰ স্বতন্ত্ৰ বাদনত যি মুখ্য, ছন্দোবদ্ধ, নিৰ্দিষ্ট বোলৰ সমষ্টি পৰিবেশন কৰা হয়, তাকেই ঠেকা বোলে। ঠেকা তালটো নিজেই বুলিও ক'ব পাৰি!

তিনতালৰ ঠেকা[edit | edit source]

তলত তিনতালৰ ঠেকা দিয়া হ'ল (এগুণত)--

ধা ধিন ধিন ধা ।
x
ধা ধিন ধিন ধা ।
ধা তিন তিন তা ।
তা ধিন ধিন ধা ।

তিনতালৰ ঠেকাৰ বিষয়ে[edit | edit source]

মন কৰিলে দেখা যাব, তিনতালৰ ঠেকা ষোল্ল মাত্ৰাৰ।

এই তালৰ ঠেকা, ৪টা বিভাগত বিভক্ত। প্ৰতিটো বিভাগত ৪ মাত্ৰাকৈ আছে।

তিনতাল সমপদী তাল, অৰ্থাৎ, তিনতালৰ প্ৰতিটো বিভাগৰ মাত্ৰাৰ সংখ্যা সমান।

তিনতালৰ ঠেকাৰ প্ৰতিটো মাত্ৰাত কেৱল ১টাকৈ বোল আছে।