Wb/as/অসমীয়া ভাষা (ৱিকিঅনুজ)/ভাষা কি বাৰু

From Wikimedia Incubator

অসমীয়া ভাষা সম্বন্ধীয় এই গ্ৰন্থৰ যাত্ৰা আমি আৰম্ভ কৰোঁ ভাষা আচলতে কি সেই প্ৰসংগৰে।

আমি সদায় নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষাৰ ব্যৱহাৰ কৰো। আমাক কলম লাগিলে আমি কওঁ "কলম এটা দিয়ক"। এই যি বাক্য, সেয়া ধ্বনিৰ এক নিৰ্দিষ্ট ক্ৰম।

ভাষাৰ সৃষ্টিও তেনেদৰেই হোৱা। মানুহৰ হাওঁফাওঁৰ পৰা ওলোৱা বায়ুক আমি.... মানুহে জিভা বা আন আন অংগৰে বাধিত বা প্ৰভাৱিত কৰি ভিন ভিন ধ্বনি বা মাতৰ সৃষ্টি কৰিব পাৰো।

৴৴৴৴৴-৴৴৴৴৴৴৴৴৴৴৴৴৴৴৴৴৴৴৴৴৴

|কৰি চোৱা

|

|ক উচ্চাৰণ কৰা। জিভাখনৰ অৱস্থান কি??

|ল উচ্চাৰণ কৰা। জিভাখনৰ অৱস্থান কি??

^^^^^^^^^^^^

এই ধ্বনি বা মাতসমূহ আমি বিভিন্ন নিয়মত প্ৰয়োগ কৰি বিভিন্ন অৰ্থ বুজাব পাৰো।

কৰ পাছত ল কৈ ম ক'লে বুজায়--


কৰ পাছত ম কৈ ল ক'লে --


ভাষা[edit | edit source]

ধ্বনি ব্যৱহাৰ কৰাৰ নিয়ম ভিন ভিন হ' পাৰে। তেনে ভিন ভিন নিয়মে ভিন ভিন ভাষাৰ জন্ম দিয়ে বুলি ক'ব পাৰি। যেনে ইংৰাজী ভাষাত কাৰ শব্দই গাড়ী আৰু অসমীয়া ভাষাত কোন ব্যক্তিৰ বুজায়। তেনেদৰে বাক্য গঠন আদিতো পাৰ্থক্য থাকিব পাৰে।

কথিত, লিখিত ভাষা[edit | edit source]

ধ্বনিসমূহ উৎপন্ন কৰি নিয়মত সজাই মনৰ ভাৱ প্ৰকাশ কথিত ভাষাৰ দ্বাৰা কৰআ যায়।

সেই ধ্বনিসমূহক যদি লিখিত ৰূপ দি মনৰ ভাৱ প্ৰকাশ কৰা যায়, লিখিত ভাষা প্ৰয়োগ কৰা হয়।

ইণ্টাৰনেটৰ এই গ্ৰন্থই লিখিত নে কথিত ভাষাৰ প্ৰয়োগ কৰিছে??

৲৲৲৲৲৲৲৲৲৲৲৲৲

ভাবি চোৱা

দিন আৰু দীনৰ উচ্চাৰণ একেই নে বেলেগ? অৰ্থৰ বিষয়ে কি কোৱা??

@@@

উপ-ভাষা, মান্য ভাষা, মিশ্ৰ ভাষা[edit | edit source]

কোনো এটি ভাষা যদি বৃহৎ অঞ্চলত কোৱা যায়, সেই অঞ্চলৰেই ভিন ভিন ঠাইত সেই ভাষাটোৱে ভিন্ন ৰূপ লয়।

তুমি তোমাৰ বন্ধুতকৈ অলপ বেলেগ ধৰণে যেনেদৰে কথা কোৱা, দূৰৰ কোনো ল'ৰাই অধিক বেলেগকৈ ক'ব।

তেনে হ'লে ভিন ভিন ঠাইৰ ভাষাৰ ৰূপবোৰক উপ-ভাষা বোলে।

উপ-ভাষাসমূহৰ ভিতৰত আটাইকেইটাই কিতাপ লিখাত, দপ্তৰৰ কামত ব্যৱহৃত হয় জানো? কোনো এটা উপ-ভাষাকহে পাঠ্যপুথি লিখাত বা চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰা হয়। তেনেকৈ ব্যৱহৃত সেই উপ-ভাষাই মান্য ভাষা।

আকৌ ভিন ভিন ভাষা কোৱা লোকে একেলগে বাস কৰিলে, তেওঁলোকৰ মাজতে কেইবাটাও ভাষা মিশ্ৰিত হৈ এটি ভাষাৰ সৃষ্টি হয়। সেই ভাষাক মিশ্ৰিত ভাষা বোলা যায়।

অসমীয়া[edit | edit source]

==[edit | edit source]

ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এটি ভাৰতীয়-আৰ্য ভাষা অসমীয়া ভাষা।

এই ভাষাৰ বাঙালী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ সৈতে মিল দেখা যায়। এই ভাষাকেইটাই অসমীয়া-বাঙালী ভাষা।

অসমীয়া আৰু বাঙালী ভাষাৰ মিল থকাৰ দৰে, অসমীয়া-বাঙালী ভাষাসমূহৰ ওড়িয়া, মৈথিলী আদি ভাষাৰ লগত ভালেমান মিল দেখা যায় আৰু এই ভাষাকেইটাই পূব-ভাৰতীয় আৰ্য ভাষা।

লগতে হিন্দী, মাৰাঠী, গুজৰাটী আদি আন ভাষা আলোচনালৈ আনিলে, আমি এই সকলো ভাষাক একেলগে ভাৰতীয় আৰ্য ভাষা বোলো। ভাৰতীয় আৰ্য ভাষাসমূহ সংস্কৃতৰপৰা সৃষ্ট। এই ভাষাকেইটাৰ মিল দেখা যায় বিভিন্ন ক্ষেত্ৰত। যত্ন কৰিলে হয়তো এটি ভাষাৰ ভাষীয়ে আন এটা ভাষা বুজিব বা সহজে আয়ত্ত কৰিব পাৰিব।

ভাৰতীয় আৰ্য ভাষাসমূহৰ লগত আকৌ পাৰচিয়ান, পাষ্ট' আদি ভাষাৰ মিল আছে। এই ভাষাসমূহক একেলগে ভাৰতীয়-ইৰাণীয় ভাষা বোলে।

ইউৰোপৰ ভাষা যেনে ফৰাচি, ইংৰাজী ভাষাৰ সৈতেও এই ভাষাসমূহৰ মিল আছে। এই ভাষা সমূহক একেলগে ভাৰতীয়-ইউৰোপীয় ভাষা বোলে।

ভাষা বিজ্ঞানীসকলৰ মতে এই ভাষাসমূহ এটি মাথো ভাষা প্ৰত-ইণ্ডো-ইউৰোপীয়ানৰ পৰা উদ্ভৱ হোৱা।

অসমীয়া ভাষাৰ মাতৃ আৰু ইংৰাজী ভাষাৰ মাদাৰৰ মাজত মিল দেখিছানে? ইংৰাজী দ'ৰ আৰু অসমীয়া দ্বাৰৰ মাজত? কাৰণ বিচাৰি উলিওৱা।

অসমীয়া ভাষাৰ উৎপত্তি[edit | edit source]

অসমীয়া ভাষা সাধাৰণতে সংস্কৃত ভাষাৰপৰা ওলোৱা বুলি কোৱা হয়।

সংস্কৃতৰপৰা লাহে লাহে কোনো কোনো স্তৰ পাৰ হৈ সৃষ্ট প্ৰাকৃত ভাষাসমূহ। মাগধীপ্ৰকৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে।

অসমীয়া ভাষা অন্ততঃ সপ্তম শতিকাৰ আগত সৃষ্ট।

অসমীয়াৰ প্ৰাচীন সাহিত্যৰ প্ৰথম চৰ্যাপদসমূহ বৌদ্ধ সাহিত্য।

৲৻৲৻৲৻৲৻৲৻৲৻৲৻ বড়ো, কছাৰী আদি ভাষা কোৱা লোক অসমতে থাকে। তেওঁলোকো থলুৱা। এই ভাষাসমূহৰ লগত অসমীয়া ভাষাৰ মিল আছেনে? এই ভাষাকেইটা ভাৰতীয় আৰ্য ভাষা হয়নে? অসম ভাষিকভাৱেও সঁচাকৈ বিচিত্ৰতাপূৰ্ণ আৰু চহকী। এই কথা প্ৰশ্নকেইটাৰ উত্তৰ সন্ধান কৰোতে বুজিবা।

তামিল, তেলুগু, মালায়ালম আদি ভাষা আৰু অসমীয়া ভাষাৰ মাজত পাৰ্থক্য কিমান? এই ভাৰতীয় ভাষাসমূহ অসমীয়াৰ ওচৰ নে সুদূৰ ইউৰোপৰ ইংৰাজী ভাষা ওচৰ? ভাৰত বিচিত্ৰতাৰে পৰিপূৰ্ণ। আমাৰ দেশতেই যদি ভাষাৰ ইমান বৈচিত্ৰ্য দেখা যায়, সুদূৰ ইউৰোপৰ ইংৰাজী আৰু ফৰাচি ভাষাৰ লগত মিল আছে কেনেকৈ? সমাজ, ভাষা, অৰ্থনীতিৰ অধ্যয়ন সঁচাকৈ এনে প্ৰশ্নৰ বাবে সুন্দৰ।

৹৹৹