Wb/as/বেটুপাত

From Wikimedia Incubator
< Wb‎ | as
Wb > as > বেটুপাত
অসমীয়া ৱিকিগ্ৰন্থ


অসমীয়া ৱিকিগ্ৰন্থ বৰ্তমান পৰীক্ষামূলক অৱস্থাত আছে। নতুন পৃষ্ঠা যোগ কৰি নিজৰ চাইট লাভ কৰিবলৈ সহায় কৰক।
টেষ্ট ৱিকি হোৱাৰ বাবে প্ৰতি পৃষ্ঠাৰ শিৰোনামৰ আগত Wb/as/ থাকিব লাগিব। তলত নতুন পৃষ্ঠা সৃষ্টি কৰিব পাৰে।


নিজৰ চাইট লাভ কৰিবলৈ এই ৱিকিত অধিক সক্ৰিয় সদস্য (মাহত ১৫টাতকৈ অধিক সম্পাদনা কৰা সদস্য) থকাৰ লগতে যথেষ্টসংখ্যক পৃষ্ঠা থাকিব লাগিব। সকলো পৃষ্ঠা চাবলৈ ইয়াত টিপক। ইয়াত সকলোৱে সম্পাদনা কৰিব পাৰে।

নতুন গ্ৰন্থ
এই গ্ৰন্থই ভাৰতৰ জনপ্ৰিয় তালবাদ্য তবলাত কেনেদৰে তাল লিখা বা গোৱা হয়, তাকেই বুজাবলৈ চেষ্টা কৰিছে। এই গ্ৰন্থত ভাতখাণ্ডে তাললিপি পদ্ধতিৰ বিষয়েহে বিতংভাৱে আলোচনা কৰা হৈছে।

নতুন গ্ৰন্থ (সম্পূৰ্ণ): তবলাৰ তাললিপি
ৱিকিঅনুজৰ নতুন গ্ৰন্থ
ইংৰাজী বৰ্ণমালা
ABC
১-২-৩-৪ কে'ক
পৰিচিতি
ৱিকিগ্ৰন্থ ৱিকিমিডিয়া ফাউণ্ডেচনৰ এক প্ৰকল্প। ৱিকিমিডিয়া এক বেচৰকাৰী, অনালাভকাৰী সংগঠন, যিয়ে ৱিকিপিডিয়া, ৱিকিউৎস আদি প্ৰকল্প চলায়। ৱিকিগ্ৰন্থও তেনে এক প্ৰকল্প। ৱিকিগ্ৰন্থৰ উদ্দেশ্য হৈছে সকলোৱে সম্পাদনা কৰিব পৰা মুক্ত পাঠ্যপুথিৰ জৰিয়তে সকলোকে বিনামূল্যে জ্ঞান দিয়া। অসমীয়া ৱিকিগ্ৰন্থ বৰ্তমান এটি পৰীক্ষামূলক ৱিকিৰ ৰূপত ইনক্যুবেটৰত আছে। আপুনি অৱদান আগবঢ়াই এই ৱিকিক নিজৰ চাইট লাভ কৰাত সহায় কৰিব পাৰে। ই আমাৰ ভাষাটোৰ বাবে অতি লাভদায়ক হ'ব। বৰ্তমান অসমীয়া ভাষাত ৱিকিপিডিয়া আৰু ৱিকিউৎস আছে।
সহায়
ৱিকিগ্ৰন্থত সম্পাদনা কৰাটো তেনেই সহজ। কোনো এক পৃষ্ঠা সম্পাদনা কৰিবলৈ সেই পৃষ্ঠাৰ ওপৰৰ ফালৰ 'সম্পাদনা' বুটামটো টিপক। পৃষ্ঠাৰ কোনো অনুচ্ছেদ সম্পাদনা কৰিবলৈ অনুচ্ছেদটোৰ নামৰ কাষৰ 'সম্পাদনা' বুটামটো টিপক। নতুন পৃষ্ঠা সৃষ্টি কৰিবলৈ ওপৰত দিয়া বাকচটোত Wb/as/ অংশটো নকটাকৈ পৃষ্ঠাৰ (গ্ৰন্থ) নাম লিখক আৰু 'পৃষ্ঠা সৃষ্টি কৰক' বুটামটো টিপক। অথবা সন্ধান পেৰাত Wb/as/ লিখি পৃষ্ঠাখনৰ (গ্ৰন্থৰ) নাম লিখি সন্ধান কৰক। ইয়াৰ পিছত ফলাফলৰ পৃষ্ঠাত Wb/as/পৃষ্ঠাৰ নাম লিখা ৰঙা লিংকটো টিপি সেই পৃষ্ঠাত গ্ৰন্থৰ সূচী লিখিব। উদাহৰণ স্বৰূপে যদি আপুনি 'ৱিকিপিডিয়াত কেনেকৈ লিখে' গ্ৰন্থ সৃষ্টি কৰিছে আৰু তাৰ এটি পাঠ 'নতুন পৃষ্ঠা সৃষ্টি কেনেকৈ কৰে' সৃষ্টি কৰিব বিচাৰিছে, * লিখি [[/নতুন পৃষ্ঠা সৃষ্টি কৰক/]] লিখিব। তেনেদৰে সকলো পাঠৰ নাম লিখি হৈ যোৱাৰ পিছত পৃষ্ঠা সাঁচক টিপিব। যি পাঠ লিখা/সৃষ্টি কৰা হ'ল, সূচীত সেই পাঠ সাধাৰণতে নীলা/বেঙুনীয়াকৈ আৰু লিখি নোহোৱা পাঠসাধাৰণতে ৰঙাকৈ দেখুওৱা হ'ব। আপোনাৰ প্ৰথম পৃষ্ঠা নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল। তাৰ পিছত ৰঙাকৈ দেখুওৱা সেই পাঠৰ নামটোত টিপক আৰু পাঠটো সৃষ্টি কৰক। পাঠৰ অনুচ্ছেদ নিৰ্মাণ কৰিবলৈ == লিখি অনুচ্ছেদটোৰ নাম লিখি পুনৰ == লিখিব। উদাহৰণ স্বৰূপে, যদি আপুনি 'এ ফ্লেট কৰ্ড' নামৰ অনুচ্ছেদটো সৃষ্টি কৰিবলৈ বিচাৰিছে, তেনেহ'লে ==এ ফ্লেট কৰ্ড== লিখিব।
অন্যান্য
এই ৱিকিৰ সকলো পৃষ্ঠা চাবলৈ ইয়াত টিপক
এই ৱিকিৰ শেহতীয়া সাল-সলনি চাবলৈ ইয়াত টিপক
পচন্দ (Preferences)ত অসমীয়া ৱিকিগ্ৰন্থ চয়ন কৰা সদস্যসকলৰ তালিকা চাবলৈ ইয়াত টিপক
প্ৰয়োজনীয় টেক্সট ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা আদিৰ বাবে ইয়াত টিপক
এই টেষ্ট ৱিকিৰ সুচলতা চাবলৈ ইয়াত টিপক। নিজা চাইট পাবলৈ এই ৱিকিত অন্তত ৫জন সদস্যই প্ৰতি মাহে ১৫টাতকৈ অধিক সম্পাদনা কৰাটো অনিবাৰ্য
যোগদান কৰক
অসমীয়া ৱিকিগ্ৰন্থত যোগ দান কৰক! এই প্ৰকল্প এতিয়া ইন্ক্যুবেটাৰত আছে। এই ৱিকিত অৱদান কৰি এই প্ৰকল্প আৰম্ভ কৰিবলৈ সহায় কৰক। ইয়াত সকলোৱে সম্পাদনা কৰিব পাৰে..... আপুনিও!! পাঠ্যপুথি ৰচনা কৰক, যিকোনো বিষয়ত (কিছু বিষয় বাদ দি)। ৱিকিগ্ৰন্থই কোনো বিষয় শিকাত সহায় কৰিব লাগিব। ইয়াত সাধু আদি লিখিব নোৱাৰি, অৱশ্যে, কিবা শিকোৱাৰ বাবে তেনে কৰিব পাৰি। ইয়াত আনে লিখা গ্ৰন্থ নিলিখিব, বিশেষকৈ যদি সেই গ্ৰন্থত 'কপিৰাইট' আছে। যদি কপিৰাইট নাই, তেনেহ'লে আমাৰ ভগ্নী প্ৰকল্প অসমীয়া ৱিকিউৎসত লিখিব। আপোনাৰ জ্ঞান আপুনি ইয়াত বিলাব পাৰে!

চাব-ড'মেইন পোৱাৰ মেনুৱেল