Wb/as/পৰমাণু (ৱিকিঅনুজ)/পৰমাণুৰ আকৃতি কেনেকুৱা

From Wikimedia Incubator
Wb > as > পৰমাণু (ৱিকিঅনুজ) > পৰমাণুৰ আকৃতি কেনেকুৱা

আগৰ পাঠসমূহত আমি জানিবলৈ পালো যে পৰমাণুতকৈও সৰু বস্তু আছে, আৰু সেই সৰু বস্তুবোৰেই পৰমাণু নিৰ্মাণ কৰে। পিচে কেনেকৈ? পৰমাণুৰ আকৃতি কি? আহক বিজ্ঞানীসকলে কি কৈছিল....

থমছনৰ প্লাম পুডিং মডেল[edit | edit source]

থমছন বোলা বিজ্ঞানীজনে প্ৰথমে নিজৰ চিন্তাৰে পৰমাণু কেনেকুৱা তাক ক'লে। তেওঁৰ মতে, প্ৰ'টন কোনো বস্তু নহয়। তেওঁৰ মতে নিগেটিভ চাৰ্জ থকা ইলেক্ট্ৰনবোৰ পজিটিভ চাৰ্জৰ এটি গোলকত, এটি খ্ৰিষ্টমাছ পুডিঙত প্লাম লাগি থকাৰ দৰে লাগি থাকে। আটাইবোৰ ইলেক্ট্ৰন মিলাই পোৱা নিগেটিভ চাৰ্জটোৰ সমানেই পজিটিভ চাৰ্জ গোলকটোত থাকে আৰু পৰমাণু নিউট্ৰেল হৈ থাকে। তলৰ ছবিত + চিন লিখি থোৱা গোলকটো পজিটিভ চাৰ্জ থকা সেই গোলকটো, আৰু - চিন থকা বৃত্তবোৰ সেই ইলেক্ট্ৰনবোৰ। পিচে এই মডেল আন আন বিজ্ঞানীয়ে কৰা গৱেষণাৰ লগত খাপ নাখালে।

ৰাডাৰ্ফ'ৰ্ডৰ মডেল[edit | edit source]

ৰাডাৰ্ফ'ৰ্ড নামৰ বিজ্ঞানী এজনে পাতল সোণৰ ফইলৰ মাজেৰে এল্ফা পাৰ্টিকুল পঠিয়াই এনে কিছু পৰিণাম লাভ কৰিলে, যে তেওঁ থমছনৰ মডেলক বুল বুলি ক'লে। তেওঁ ক'লে যে প্ৰটন এটমৰ মাজত থাকে (নিউক্লিয়াছত থাকে) আৰু ইলেক্ট্ৰনবোৰ তাৰ চাৰিওফালে ঘূৰণীয়াকৈ ঘূৰি থাকে। পিচে ইয়াতো সমস্যা ওলাল। ভৌতিক বিজ্ঞানৰ নিয়মৰ মতে কোনো বস্তু গোল বাটত ঘূৰিলে সেই বস্তুৰ ঊৰ্জা (এসময়লৈ শক্তি খৰচ কৰাৰ ক্ষমতা) হ্ৰাস পায়, আৰু তেনেহ'লে ইলেক্ট্ৰন নিউক্লিয়াছত সোণকালেই পাবগৈ আৰু এটম অস্থিৰ হ'ব। পিচে তেনে নহয়। তেনে হোৱা হ'লে বস্তুবোৰ স্থিৰ হ'ব নোৱাৰিলেহেতেন।

Thumb

ব'ৰৰ মডেল[edit | edit source]

বিজ্ঞানী ব'ৰে ৰাডাৰ্ফ'ৰ্ডৰ মডেলৰ ধাৰণা অলপ সলাই ক'লে যে ইলেক্ট্ৰনবোৰ বিশেষ বাট কিছুমানতহে ঘূৰে। ঊৰ্জে হেৰুৱালে ইলেক্টৰন এনেয়ে নিউক্লিয়াছৰ ওচৰলৈ নগৈ, লে লগে এখাপ ভিতৰৰ পথ (ছেল)লৈহে যায়। আৰু ঊৰ্জা লাভ কৰিলে এখাপ ওপৰলৈ যায়।