Wb/as/পৰমাণু (ৱিকিঅনুজ)/পৰমাণুতকৈ সৰু কিবা আছেনে

From Wikimedia Incubator
Wb > as > পৰমাণু (ৱিকিঅনুজ) > পৰমাণুতকৈ সৰু কিবা আছেনে

সকলো বস্তু পৰমাণুৰে গঠিত। মহাঋষি কনডে কৈছিল পৰমাণুতকৈ সৰু আৰু একোৱেই নাই। পিচে সঁচাকৈ তেনে হয়নে? পৰমাণু বাৰু আন সৰু সৰু বস্তুৰে নিৰ্মিত নেকি?

ঃহয় ! পৰমাণু নিউট্ৰন, প্ৰ'টন আৰু ইলেক্ট্ৰনেৰে গঠিত।

প্ৰ'টন[edit | edit source]

প্ৰ'টন হ'ল এক আধানযুক্ত উপ-পৰমাণৱিক বস্তু। ই পৰমাণুৰ মাজৰ ভাগত থাকে। প্ৰটনৰ পজিটিভ আধান থাকে।

ইলেক্ট্ৰন[edit | edit source]

পৰমাণুত পজিটিভ চাৰ্জযুক্ত প্ৰটন থাকে। কিন্তু তথাপিও সকলো বস্তু আধানযুক্ত বা চাৰ্জড নহয়। কিয়? কাৰণ পৰমাণুত নিউট্ৰেল অৱস্থাত প্ৰ'টনৰ সমানেই চাৰ্জযুক্ত, কিন্তু নিগেটিভ চাৰ্জযুক্ত ইলেক্ট্ৰন থাকে। ইলেক্ট্ৰন প্ৰটনতকৈ অতিকৈ সৰু, কিন্তু এটা প্ৰটন আৰু এটা ইলেক্ট্ৰনত বিপৰীত হ'লেও সমান চাৰ্জ থাকে। ইলেক্ট্ৰনবোৰ পৰমাণুৰ মাজত বা নিউক্লিয়াছত নাথাকে, বৰঞ্চ কিনাৰত থাকে।

নিউট্ৰন[edit | edit source]

পৰমাণুত পজিটিভ প্ৰটন আৰু নিগেটিভ ইলেক্ট্ৰনৰ বাহিৰে নিউট্ৰনো থাকে। নিউট্ৰন পজিটিভো নহয় নিগেটিভো নহয়। ইয়াৰ মুঠ চাৰ্জ শূন্য (০)।

যদি পৰমাণু আটাইতকৈ সৰু বস্তু নহয়, ই কি?[edit | edit source]

এটি বস্তু আনটোৰ পৰা কেনেকৈ বেলেগ হয়? কিয় হয়? লোহা তাম কিয় নহয়? বা হাইড্ৰজেন নিয়ন কিয় নহয়? কাৰণ, সকলো বস্তুৰে নিজৰ নিজৰ কিছু বিশেষত্ব থাকে। তেনে হয় সেই বস্তুৰ গঠনৰ বাবে। আমি যদি এটি শুদ্ধ বস্তুক ভাগ কৰি যাওঁ, তেন্তে এনে এক ভাগ আমি পাম, যাক যদি আমি ভাগ কৰো, তেন্তে সেই বস্তুৰ বিশেষত্ব নাইকিয়া হৈ যাব। সেই, বস্তুটোৰ বিশেষত্ব নষ্ট নকৰাকৈ আমি পোৱা আটাইতকৈ সৰু ভাগটোৱেই হ'ল পৰমাণু। লোহাৰ পৰমাণুক যদি আমি ভাগ কৰো, লোহা লোহা হৈ নাথাকিব। ঠিক তেনেদৰে নিয়ন, অক্সিজেন, তাম, ৰাঙৰ পৰমাণুক যদি আমি ভাগ কৰো, তেনেহ'লে নিয়ন নিয়ন হৈ, অক্সিজেন অক্সিজেন হৈ, তাম তাম হৈ, বা ৰাং ৰাং হৈ নাথাকিব। লোহা আৰু তাম বেলেগ কাৰণ লোহাৰ পৰমাণুৰ গঠন আৰু তামৰ পৰমাণুৰ গঠন বেলেগ বেলেগ। এই কথা অন্য এলিমেণ্ট বা মৌলৰ ক্ষেত্ৰটো প্ৰযোজ্য।