Template:Wt/as/main page body

From Wikimedia Incubator

অসমীয়া ৱিকি অভিধান[edit source]

অসমীয়া ভাষাত 'মুক্ত' অৰ্থাৎ "open content" ইলেক্ট্রনিক অভিধান নাই। সেয়ে অন্যান্য ই-অভিধান থকা সত্বেও ৱিকি অভিধানৰ প্রয়োজনীয়তা অনুভৱ কৰা হৈছে, আৰু এই প্রকল্প গ্রহণ কৰা হৈছে। কিন্তু মাজতে জনসহযোগৰ অভাৱত এই প্রকল্প বন্ধ হৈ যায় আৰু ৱিকিমিডিয়াৰ নিয়মানুসাৰে ইয়াক ইনকিউবেটৰলৈ টেষ্ট ৱিকি হিচাপে স্থানান্তৰিত কৰা হয়।

যদি ৰাইজে ভাবে যে অন্য ভাষাত থকাৰ দৰে অসমীয়াতো এখন মুক্ত অভিধান থকা প্রয়োজন, তেন্তে যে ই ৱিকিমিডিয়াৰ প্ৰকল্প হিচাপেহে থাকিব লাগিব তেনে নহয়, অন্য মুক্ত মাধ্যমতো সৃষ্টি কৰিব পাৰে। কিন্তু মুক্ত জ্ঞানৰ প্রতি আগ্রহান্বিত দাতব্য প্রতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ নিৰ্ভৰযোগ্যতা এতিয়ালৈকে ভালদৰে প্রমাণিত আৰু পৰিশোধিত। সেয়ে এই গণ অভিধান প্রকল্প পুনৰ জীৱন্ত কৰিবলৈ যত্ন কৰা হ'ল।

অসমীয়া অন্য ই-অভিধান প্রকল্পত অভিজ্ঞতা থকা সকলেও জাতীয় দায়িত্ব বুলি ভাবি এই গণ অভিধান প্রকল্পত যোগদান কৰিব পাৰে। প্রথমতে দুই এটা ভুল হ'ব পাৰে, কিন্তু হওক, কামটো আৰম্ভ কৰাটোহে মূল কথা। এতিয়াও এই অভিধান টেষ্ট ৱিকি পৰ্যায়তেই আছে৷

ৱিকি অভিধানখন ইনকিউবেটৰৰ পৰা মুকলি কৰিবৰ বাবে ইয়াত শব্দসংখ্যা বৃদ্ধি কৰিব লাগিব। সেয়ে এই প্ৰকল্পত পুনৰ আপোনাক বৰঙণি যোগোৱাৰ বাবে আহবান জনাইছোঁ। ধন্যবাদ।