Wb/as/ৰোমান সংখ্যা প্ৰণালী/নিয়ম

From Wikimedia Incubator

ৰোমান সংখ্যা প্ৰণালীত চিনৰ স্থানৰ গুৰুত্ব দেখা যায়। চিনৰ ভিন ভিন অৱস্থিতিয়ে ভিন ভিন মূল্য সূচাই।

চিন অকলে থাকিলে[edit | edit source]

চিন অকলে থাকিলে চিনৰ মুখ মূল্যকে বুজোৱা হয়। যেনে Iএ ১, Vএ ৫ আৰু 10এ ১০ বুজাই।

নিজতকৈ ডাঙৰ সংখ্যাৰ বাঁও দিশে থাকিলে[edit | edit source]

নিজতকৈ ডাঙৰ সংখ্যাৰ বাঁও দিশে থাকিলে চিনে ঋণাত্মক মূল্য বুজাই। যেনে Xৰ মূল্য ১০ আৰু Cৰ মূল্য ১০০। যিহেতু Xৰ মূল্য Cতকৈ কম, সেয়ে XC লিখিকে (অৰ্থাৎ Xক Cৰ বাঁওফালে লিখিলে) Xএ -১০ বুজাই। ঠিক তেনেডৰে IXত Iএ -১ বুজাই। মনত ৰখা উচিত যে V, L আৰু D নিজতকৈ ডাঙৰ সংখ্যাৰ ঠিক বাঁও দিশে লিখা নহয়। যেনে VX ভুল।

নিজতকৈ ডাঙৰ সংখ্যাৰ সোঁফালে থাকিলে[edit | edit source]

নিজতকৈ ডাঙৰ সংখ্যাৰ সোঁফালে থাকিলে চিনে ধনাত্মক মূল্য সূচাই। যেনে CXত, Xএ +১০ বুজাই।

একে চিন বাৰে বাৰে লিখিলে[edit | edit source]

একে চিন বাৰে বাৰে লিখিলে চিন যেইবাৰ লিখা হয়, মূল্য সেইবাৰ যোগ কৰা হয়। যেনে XXXত ১০ তিনিবৰ যোগ কৰা হয় (১০+১০+১০)। পিচে স্মৰ্তব্য যে I, V, L, C, D তিনিবাৰতকৈ অধিক একেলগে লিখা নহয়। যেনে, IIIII ভুল