Wb/as/তবলাৰ তাললিপি/প্ৰশ্নোত্তৰ

From Wikimedia Incubator
Wb > as > তবলাৰ তাললিপি > প্ৰশ্নোত্তৰ
সূচী
এই গ্ৰন্থত ৭টা পাঠ আছে,
তবলাৰ চমু পৰিচয় - বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি - মাত্ৰা বিভাগ - সম্, তালি, খালি - সমপদী তালৰ উদাহৰণ - বিষমপদী তালৰ উদাহৰণ - প্ৰশ্নোত্তৰ

১/ সমৰ চিন কি?

২/ তালিৰ চিন কি?

৩/ ধা ধী না| ধা তু না, এই তাল সমপদী নে বিষমপদী?

৪/ সম্ কি? সকলো তাল সমেৰে আৰম্ভ হয়নে? যদি নহয়, কি তাল সমেৰে আৰম্ভ নহয়?

৫/ তাল গাওতে হাতেৰে খালি কেনেকৈ দেখুৱা হয়?

৬/ প্ৰাচীন কালত কেনে ধৰণৰ সংগীত ভাৰতত প্ৰচলিত আছিল?

৭/ যদি "টুকড়া হ'ল তালৰ সম্, তালি, খালি, বিভাগৰ স্থান সলনি নকৰাকৈ, মাত্ৰাৰ সংখ্যা একে ৰাখি ৰচিত, তিহাইযুক্ত এক ৰচনা", তেনেহ'লে তিনতালৰ এই টুকড়াটোত সম্, তালি, খালি, বিভাগৰ চিন দিয়ক--

তেৎ তা তেতে তা কৎ তেৰেকেতে তাকতাক তেৰেকেতে ধা তেৰেকেতে তাকতাক তেৰেকেতে ধা তেৰেকেতে তাকতাক তেৰেকেতে | ধা

৮/ মাত্ৰা আৰু বিভাগৰ এটি পাৰ্থক্য লিখা।

উত্তৰ[edit | edit source]

১/ x

২/ ২,৩ ....

৩/ সমপদী, কাৰণ প্ৰতিটো বিভাগত সমান মাত্ৰা আছে

৪/ তবলাত যি স্থানত তাল আৰম্ভ হয় বা আন স্থানতকৈ অধিক জোৰ প্ৰয়োগ হয়, সেই স্থানক সম্ বোলে। নহয়।

৫/ হাত দাঙি দেখুৱা হয়।

৬/ গহীন আৰু গম্ভীৰ ধৰণৰ, ধ্ৰুপদ সংগীত।

৭/

তেৎ তা তেতে তা ।
x
কৎ তেৰেকেতে তাকতাক তেৰেকেতে
ধা তেৰেকেতে তাকতাক তেৰেকেতে
ধা তেৰেকেতে তাকতাক তেৰেকেতে
(ধা)
x

৮/ মাত্ৰা সমান সমান কিন্তু বিভাগ সৰু-বৰ।