Wt/as/বেটুপাত

From Wikimedia Incubator
< Wt‎ | as
Wt > as > বেটুপাত
ৱিকি অভিধানলৈ আদৰিছোঁ!
যিকোনো লোকে সম্পাদনা কৰিব পৰা
এখন মুক্ত অভিধান।
বৃহস্পতিবাৰ, মাৰ্চ ২৮, ২০২৪, ০৯:২১ (UTC)
অসমীয়া ভাষাৰ ৱিকি অভিধানত বৰ্তমান ৯৬ টা লেখা আছে।
পৃথিৱীৰ ১৭০টা ভাষাত ৱিকি অভিধান উপলব্ধ।

এই অভিধান নিৰ্মাণ তথা বিকাশ কৰাত আপুনিও বৰঙণি যোগাব পাৰে, আৰু আপোনাৰ পছন্দৰ শব্দসমূহ সংযোজন বা সম্পাদনা কৰিব পাৰে।

বিশ্বৰ যিকোনো শব্দৰ শুদ্ধ অৰ্থ সকলোলৈকে বিনামূল্যে উপলব্ধ কৰাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিক্স্যনেৰী প্ৰতিষ্ঠা কৰিছে।

এই ৱিক্স্যনেৰীত শব্দৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিক্স্যনেৰীৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিক্স্যনেৰীক থোৰতে “গণবিশ্বঅভিধান” বুলিব পাৰি।

ৱিক্স্যনেৰীৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিপিডিয়া (ৱিকি-বিশ্বকোষ), ৱিকিনিউজ (ৱিকিবাতৰি) আদি বিভিন্ন সহ উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

অসমীয়া ৱিকি অভিধান

অসমীয়া ভাষাত 'মুক্ত' অৰ্থাৎ "open content" ইলেক্ট্রনিক অভিধান নাই। সেয়ে অন্যান্য ই-অভিধান থকা সত্বেও ৱিকি অভিধানৰ প্রয়োজনীয়তা অনুভৱ কৰা হৈছে, আৰু এই প্রকল্প গ্রহণ কৰা হৈছে। কিন্তু মাজতে জনসহযোগৰ অভাৱত এই প্রকল্প বন্ধ হৈ যায় আৰু ৱিকিমিডিয়াৰ নিয়মানুসাৰে ইয়াক ইনকিউবেটৰলৈ টেষ্ট ৱিকি হিচাপে স্থানান্তৰিত কৰা হয়।

যদি ৰাইজে ভাবে যে অন্য ভাষাত থকাৰ দৰে অসমীয়াতো এখন মুক্ত অভিধান থকা প্রয়োজন, তেন্তে যে ই ৱিকিমিডিয়াৰ প্ৰকল্প হিচাপেহে থাকিব লাগিব তেনে নহয়, অন্য মুক্ত মাধ্যমতো সৃষ্টি কৰিব পাৰে। কিন্তু মুক্ত জ্ঞানৰ প্রতি আগ্রহান্বিত দাতব্য প্রতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ নিৰ্ভৰযোগ্যতা এতিয়ালৈকে ভালদৰে প্রমাণিত আৰু পৰিশোধিত। সেয়ে এই গণ অভিধান প্রকল্প পুনৰ জীৱন্ত কৰিবলৈ যত্ন কৰা হ'ল।

অসমীয়া অন্য ই-অভিধান প্রকল্পত অভিজ্ঞতা থকা সকলেও জাতীয় দায়িত্ব বুলি ভাবি এই গণ অভিধান প্রকল্পত যোগদান কৰিব পাৰে। প্রথমতে দুই এটা ভুল হ'ব পাৰে, কিন্তু হওক, কামটো আৰম্ভ কৰাটোহে মূল কথা। এতিয়াও এই অভিধান টেষ্ট ৱিকি পৰ্যায়তেই আছে৷

ৱিকি অভিধানখন ইনকিউবেটৰৰ পৰা মুকলি কৰিবৰ বাবে ইয়াত শব্দসংখ্যা বৃদ্ধি কৰিব লাগিব। সেয়ে এই প্ৰকল্পত পুনৰ আপোনাক বৰঙণি যোগোৱাৰ বাবে আহবান জনাইছোঁ। ধন্যবাদ।
সূচী বৰ্ণানুক্ৰমিক তালিকা

ৱিকি অভিধানৰ সহযোগী প্ৰকল্পসমূহ

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ:

অন্য ভাষাৰ ৱিকি অভিধানসমূহ

এই ৱিকি অভিধান অসমীয়া ভাষাত লিখা হৈছে। অন্য ভাষাত উপলব্ধ ৱিকি অভিধানসমূহ তলত দিয়া হ'ল: